শদিয়া অসমৰ তিনিচুকীয়া জিলাৰ অন্তগত আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এখন প্ৰদুষণমুক্ত ঠাই। প্ৰাচীন কালত অসমৰ তৃতীয় বৃহত্ জনগোষ্ঠী সোনোৱালসকলে এই শদিয়াত হালালী ৰাজ্য স্থাপন কৰিছিল। বৰ্তমান ইয়াত সোনোৱাল কছাৰী, আহোম, চুতীয়া, দেউৰী, বড়ো, মৰাণ, মটক আদি অসমৰ ভূমিপুত্ৰসকলে বাস কৰে। শদিয়াই উজনি অসমৰ পৰ্যটন ক্ষেত্ৰখনত বিশেষ ভূমিকা পালন কৰি আহিছে। অৰুণাচল প্ৰদেশৰ কিছুমান পৰ্যটন ক্ষেত্ৰলৈ যাবলৈ এই শদিয়াৰ মাজেৰে যাব লগীয়া হয়। তাৰোপৰি ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মিত সৰ্বাধিক দীঘল দল ধলা-শদিয়া বা ড০ ভূপেন হাজৰিকা হেতু এই ইতিহাস প্ৰসিদ্ধ শদিয়াক সংযোগ কৰিবলৈকে মূলত নিৰ্মাণ কৰা হৈছে। অসমৰ প্ৰসিদ্ধ সংগীতজ্ঞ তথা বিভিন্ন প্ৰতিভাৰে উজ্জীৱিত ভাৰতৰত্ম ড০ ভূপেন হাজৰিকাও এই শদিয়াতে জন্ম গ্ৰহণ কৰিছিল। অসমৰ খ্যাতনামা সংগীত শিল্পী খগেন মহন্ত দেৱে শদিয়াকলৈ লিখা এটা বিশেষ গীতে আজিও শদিয়াক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। তাৰোপৰি গণশিল্পী ৰাজীৱ শদিয়াৰ জন্ম এই শদিয়াতেই।