অসম প্ৰকৃততে কৃষিপ্ৰধান ৰাজ্য। অসমৰ প্ৰায় ৮০% লোকৰে জীৱিকা কৃষি। অসমৰ সমভুমি অঞ্চলসমূহত ধান খেতিয়েই প্ৰধান। উত্তৰ কাছাৰ, ডিমা হাচাও, কাৰ্বি আংলং ৰ দৰে পাহাৰীয়া জিলাবোৰতো ধানকেই প্ৰধান খেতি হিচাপে কৰা দেখা যায়। কৃষিৰ বাহিৰে অসমৰ অথনীতিৰ মূল উতস হৈছে খনিজ সম্পদ, বনজ সম্পদ, চাহ শিল্প আদি। তলত অসমৰ অথনীতিত গুৰুত্বপূণ ভূমিকা লোৱা সম্পদসমূহৰ চমু পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। পঢ়ূৱৈ সমাজে ইয়াত দেখা পোৱা ভুল-ক্ৰটি আঙুলিয়াই দিলে আমি শুদ্ধৰাবই ল’বলৈ ভাল পাম।
অসমৰ বনজ সম্পদ
অসমৰ মুঠ ভু-খণ্ডৰ প্ৰায় ৩৩% অঞ্চল বনাঞ্চলে আগুৰি আছে। অসমৰ এই বনাঞ্চল সমূহত মূল্যবান কাঠ উত্পাদনকাৰী, ঔষধী, নানা ধৰণৰ অলংকাৰী, সু-গন্ধযুক্ত উদ্ভিদেৰে আদিৰে ভৰি আছে। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বাহ আৰু বেত অসমৰ বনাঞ্চলত পোৱা যায়। অসমৰ বনাঞ্চলসমূহত বিভিন্ন প্ৰজাতিৰ পশু-পক্ষী, কীট-পতংগ, সৰীসৃপ আদি পোৱা যায়। বননিৰ লগতে বনৰীয়া প্ৰাণীও অসমৰ বনজ সম্পদৰ সদস্য। তলত এই সম্পদসমূহৰ বিযয়ে চমুকৈ তথ্য সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। পঢ়ূলৈ সমাজে ইয়াত ৰৈ যোৱা ভুল-ক্ৰটিবোৰ আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ’ম।
কাঠ উতপাদনকাৰী উদ্ভিদ Timber Yielding Plants
শাল
গমাৰি
চেগুণ
আজাৰ
হলং
মহাগণি
শিলিখা
চুম
শিমলু
নাহৰ
তিতা চপা
বন চপা
ঔষধ উতপাদনকাৰী উদ্ভিদ Drugs Yielding Plants
অৰ্জুন
শিলিখা
ভোমোৰা
মহানিম
নেফাফু
পচতীয়া
তুলসী
কৰ্টনা
ভেদাই লতা
আমলখি
শগুনি লতা
জমলাখুতি
অলংকাৰী উদ্ভিদ Ornamental Plants
জৱা ফুল
কৃষ্ণচূড়া
ৰাধাচূড়া
মোমাই তামোল
তগৰ
গোলাপ
মুচন্দা
দেৱদাৰু
বাহ Bamboo
জাতি বাহ
ভলুকা বাহ
বিজুলী বাহ
কাক বাহ
বেত Rattan
সৰকা বেত