প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম। অসমৰ ভৌগোলিক পৰিসৰৰ ভিতৰত খাৰুৱা তেল, কয়লা, চূৰ্ণ-শীল, চাহ, ৰবৰ, অনান্য বনজ সম্পদ, জল সম্পদ, ৰেচম সম্পদ আদি পোৱা যায়। অসমৰ ভু-গহ্বত প্ৰচুৰ পৰিমাণে খনিজ সম্পদ পোৱা যায়। ইয়াত পোৱা খাৰুৱা তেল, কয়লা, বিভিন্ন ধৰণৰ কাঠ, বাহঁ, ঔষধি আৰু সু-গন্ধিযুক্ত তৈল উতপাদনকাৰী উদ্ভিদবোৰ দেশী-বিদেশী বজাৰত চাহিদা যথেষ্ট আছে। অসমৰ দুখন প্ৰধান নদী ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক ৰাজ্যখনৰ অৰ্থনীতিৰ সৈতে সাঙোৰ খাই আছে। ইয়াৰ উপৰিও সোৱণশীৰি, ৰঙানদী, বুঢিদিহিং, জীয়াধল, পাগলাদিয়া, জাঁজী, দিখৌ আদি বহুতো উপনৈয়ে অসমৰ জলসম্পদৰ পৰিসৰ বৃদ্ধি কৰিছে।