(মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ পৰা)
ব্ৰক্ষ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া শয্যা মাজে আছয় ঘুমটি যাই।
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই।।
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কুপে জীৱ আছে পৰি
কাল সৰ্পে দংশি হৰাইল চেতন তাৰ।
মোক্ষ ৰূপে তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দয়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ।।
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুৱৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।