ভাৰ্গৱ কলিতালৈ শৌর্য চক্র সন্মান

অসমৰ বীৰ জোৱান মেজৰ ভাৰ্গৱ কলিতালৈ দেশৰ নিৰাপত্তাৰ বাবে আগবঢ়ো অনবদ্য সেৱাৰ বাবে ভাৰত চৰকাৰে স্বাধীন তা দিৱসৰ প্ৰাক-ক্ষণত শৌৰ্য চক্ৰ সন্মান আগবঢ়াইে। তেখেত ৫০ ৰাষ্ট্ৰীয় ৰাইফলছৰ কুমায়ুন ৰেজিমেণ্টৰ বিষয়া। পুলৱামা, অৱন্তীপুৰা, বডগাম, শ্রীনগৰৰ দৰে স্পৰ্শকাতৰ ঠাইত কেইবাটাও সন্ত্রাসবাদবিৰোধী অভিযানত নেতৃত্ব দি বহু সন্ত্রাসবাদীক নিহত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে মেজৰ ভার্গর কলিতালৈ আগবঢ়োৱা হৈছে শৌর্যচক্র।

তেখেত পলাশবাৰী নিৱাসী অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ। মেজৰ ভাৰ্গৱ কলিতালৈ অহা এই সম্মানত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। দক্ষিণ কামৰূপৰ ৰামপুৰৰ মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু ববী কলিতাৰ জ্যেষ্ঠ পুত্ৰ মেজৰ ভাৰ্গৱ কলিতাই ভাৰত চৰকাৰৰ শৌর্য চক্র সন্মান লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰাত পলাশবাৰীৰ সকলোৱে আনন্দ প্রকাশ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top