প্ৰাচীন অসম

অসমৰ ইতিহাস প্রাচীন কালৰে পৰা বৈচিত্র্যময়। অসম আৰ্য আৰু অনার্য জাতিৰ কেন্দ্র স্থল। এই দুই জাতি তথা সংস্কৃতিৰ প্ৰভাৱত ইয়াত স্থাপত্য আৰু ভাস্কৰ্যৰ প্ৰসাৰ হৈছিল। তদুপৰি অসমৰ ওপৰত গুপ্ত কলাৰ প্ৰভাৱ পৰিলক্ষিত হোৱাত ইয়াৰ সৌন্দৰ্য আৰু মহত্ব বৃদ্ধি হৈছিল। হিন্দু মহাকাব্য, পুৰাণ, সংস্কৃত পুৰাণ, তন্ত্র আদি প্রাচীন পুথিৰ জৰিয়তে কামৰূপ নগৰ বা ৰাজ্য বা প্রাগজ্যোতিষপুৰৰ বিষয়ে জানিব পাৰি। মহাভাৰতত ইয়াৰ নাম ‘প্রাগজ্যোতিষপুৰ বুলি উল্লেখ থকাৰ বিপৰীতে পুৰাণ আৰু তন্ত্রবিলাকত ইয়াৰ নাম ‘কামৰূপ’ বুলিহে উল্লেখ পোৱা যায়। কালিকা পুৰাণ মতে কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ নগৰৰ ঠিক সোঁমাজতে আছিল। বিষ্ণু পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰৰ চাৰিওফালে চাৰিশ পঞ্চাশ মাইল জুৰি কামৰূপ নগৰ বা কামৰূপ ৰাজ্য বিয়পি আছিল। যোগিনীতন্ত্র মতে পুৰণি কামৰূপ ৰাজ্য চাৰি ভাগত বিভক্ত আছিল। কামৰূপ নগৰৰ উৎপত্তি সম্বন্ধে বহুতো পুৰণি আখ্যান পোৱা যায়। এক আখ্যান মতে মহাদেৱৰ ভাৰ্যা সতীৰ প্ৰধান অংগ আজিৰ নীলাচল পাহাৰত পৰিছিল। মহাদেবে তাতে ঘোৰ তপস্যাত নিমগ্ন হৈছিল কিন্তু কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ গৈ মহাদেৱৰ অগ্নিৰ দ্বাৰা ভস্মীভূত হয়। অৱশ্যে পিছত কামদেৱে পুনৰ জীৱন দান পাইছিল কাৰণে এই ৰাজ্যৰ নাম কামৰূপ হয় বুলি জনা যায়। আনহাতে ভাষাৰ ফালৰ পৰা ড° বাণীকান্ত কাকতীদেৱে বেলেগ মত আগবঢ়াইছে। এই অনুসৰি ‘কামৰূপ’ নামটো শাওতালী ভাষাৰ নিম্নখাপৰ দেৱতা বুজোৱা “কামৰু” বা ‘কামৰুট’ শব্দৰ পৰা উৎপত্তি হোৱা বুলি কৈছে।

‘ ‘অসম’ নামৰ উৎপত্তি সম্বন্ধে নানাজনে নানা মত দিছে। কোনো কোনো সূত্র মতে ‘অসম’ মানে হ’ল অসমান ভূমি বা অসমতল। কোনোরে আকৌ কয় ‘অসম’ শব্দটো আহোম শব্দৰ পৰা অহা। আহোমসকলৰ ‘স’ আখৰটো ‘হ’ উচ্চাৰণ হয়। আহোম সূত্র মতে, অসম শব্দৰ অৰ্থ হ’ল অসমান; অর্থাৎ সমতুল্য যাৰ নাই সেয়ে ‘অসম’। ইংৰাজ আগমনৰ সময়ৰে পৰা ‘আচাম’ আৰু ‘আসাম’ শব্দ ব্যৱহাৰ হ’বলৈ ধৰে।

মহাকাব্যৰ যুগত অসমৰ নাম আছিল প্রাগজ্যোতিষ আৰু ৰাজধানীখনৰ নাম আছিল ‘প্রাগজ্যোতিষপুৰ’। এডবার্ড গেইটৰ মতে, প্রাগজ্যোতিষপুৰৰ অৰ্থ হ’ল ‘প্রাচ্যৰ জ্যোতিষ বিদ্যাৰ নগৰ’ (City of Eastern Astrology)। অসম আর্য আৰু অনার্য জাতিৰ কেন্দ্র স্থল। এই দুই জাতি তথা সংস্কৃতিৰ প্রভাৱত ইয়াত স্থাপত্য আৰু ভাস্কৰ্যৰ প্ৰসাৰ হৈছিল। তদুপৰি অসমৰ ওপৰত গুপ্ত কলাৰ প্রভাৱ পৰিলক্ষিত হোৱাত ইয়াৰ সৌন্দৰ্য আৰু মহত্ব বৃদ্ধি হৈছিল। প্ৰাগজ্যোতিষৰ সীমা পশ্চিমে কৰতোৱা নদী (বর্তমানবাংলাদেশত) আৰু দক্ষিণেবংগোপ সাগৰলৈ বিস্তৃত থকাৰ কথা পোরা যায়। প্রাগজ্যোতিষপুৰ বা পুৰণি কামৰূপত অসুৰ আৰু দানৱসকলে ৰাজত্ব কৰিছিল। এই সকলৰ ভিতৰত মহীবঙ্গ দানব, নৰকাসুৰ, ভগদত্ত, বজ্রদত্ত আদি উল্লেখযোগ্য। এই আটাইকেইজন ৰজাৰ ৰাজধানী আছিল প্রাগজ্যোতিষপুৰ বা কামৰূপ নগৰত। তাৰে কেইজনমান উল্লেখযোগ্য ৰজা হ’ল-

Scroll to Top